যাযাবৰী মন

 




: না‌ কিবা ক'ব আছিল তোমাৰ..!!
: না একো নাছিল..!
: নহয় কিবা এটা আছিল ক'বলৈ তুমি কৈছিলা পিছত কম বুলি কোৱা চোন?
তাই লাহে লাহে মোৰ চকুলৈ চাবলৈ ধৰিলে..!
ময়ো যিমান পাৰোঁ চকু কেইটা তাইৰ চকুত নপৰাকৈ লুকুৱাবলৈ চালোঁ। ভয় হ'ল কিজানি তাইৰ চকুৰ সেই চাৱনিত মই বিলিন হৈ যাও সপোন সাগৰত। বৈ আহিব খুজিছিল বুকুত থকা সাগৰ খনত প্ৰেমৰ উন্মাদ ৰস..!
কোনোমতে চকু কেইটা অলপ‌ তল মূৰ কৰি ক'লো----
: না একো নাছিল দিয়া..! কিনো ক'ম বুলি ভাবিছিলো পাহৰিয়ে থাকিলো।
: অ .., এনেকৈ নো মানুহে পাহৰে নে?? এনেকে হ'লে দেখুন তুমি এদিন মোকো পাহৰি যাবা.. !!
: না...!!! সেইটো কোনোপধ্যেই সম্ভৱ নহয়।। তোমাক কেতিয়াও পাহৰিব নোৱাৰোঁ...!!
: হয় নে ??...!!
:অ..!! তুমি মোৰ কল্পনাত আৰু দিঠকত দুয়োটা তাতেই থকা..!!
: হয় নে কি ? দিঠকত থকাটো বুজিছো বাৰু.. কিন্তু মই তোমাৰ কল্পনাত মই কেনেকৈ..!!
মোৰ মুখ খন ৰঙা পৰি গৈছিল, গাটো ঘামি আহিছিল, গোটেই গাটো কিবা শূণ্য হৈ পৰিছিল।।
হয় , এয়াই নেকি প্ৰেম ?
( মনৰ ভিতৰতে ভাবিলো কৈয়ে দিও নেকি??....!!)
: এ হ'ব দিয়া কালিলৈ কথা পাতিম দাদা আহি পালেহি য়ে ..!! Tution চুটি হ'ল বুলি গ'ম পাইছে যে..!!
: অ, হয় নেকি?? ... ok bye
: ok bye , কিন্তু কালিলৈ ক'ব লাগিব কিয় কল্পনাত থাকোঁ..!
যোৱা সময়ত তাই মোলৈ চাই মিচিকিয়াই হাঁহি এটা মাৰি গ'ল..।।Fb Page
প্ৰকৃত প্ৰেমৰ সন্ধানত
যাযাবৰী মন

No comments:

Post a Comment

If have any doubt, please let me know

JAJABORIEMON

তোমাৰ বাবে by Farid Anjum Khan

তোমাৰ বাবে তোমাক প্ৰথমে দেখোতে, হৃদয়ৰ এটি সুৰ বাজিল এটি অচিন সপোন, যেন কোনোৱে আহি গুজিল। মোৰ মনৰ সেউজ পথত, তোমাৰ পৰশ যেতিয়া পাৰ হয় মোৰ...